Header Ads

অসমীয়াৰ প্ৰকৃত অসমীয়াগিৰি

বিগত বৰ্ষত আমি প্ৰায়ে ভ্ৰাম্যমান প্ৰিয় দৰ্শকৰ মুখত শুনি আছিলো যে গতানুগতিক নাটক মঞ্চত বহুত প্ৰত্যেক্ষ কৰিলো  কিন্তু অগতানুগতিক নাটকৰ সংখ্যা কম !!  ইচ্ছা এখন অগতানুগতিক ব্যতিক্ৰমি নাটক চোৱাৰ  কিন্তু এইবাৰ এই অভিযোগ শুনা নাযাব !!
কাৰণ হিল্লোল কুমাৰ পাঠকদেৱে আশীৰ্বাদ থিয়েটাৰৰ বাবে এইবৰ্ষত ৰচনা কৰিছে এনে এখন নাটক , যিখন নাটকৰ কাহিনী  সম্পূৰ্ণ অগতানুগতিক ! ভ্ৰাম্যমানত ইতিপূৰ্বে নোহোৱা কাহিনী , নাটকখন চাই থকা মুহুৰ্তত হয়তো আপুনিও ধন্যবাদ জনাব নাটকখনৰ নাট্যকাৰগৰাকীক ।
গলত ঢোল এটা লৈ  বজাই বজাই মঞ্চত প্ৰৱেশ কৰে সপোনে ।
দৃশ্যপট সলনি হয় , লগে লগে আৰম্ভ হয় মুখ্য কাহিনী ! বৰশী বাই ভাল পোৱা সপোন , ঢোল বজাই ভাল পোৱা সপোন এদিন হেৰাই যায় !!
এক ভয়ানক গোষ্ঠী সংঘাতৰ নায়ক সজোৱা হয় সপোনক । প্ৰশ্ন হয় এই সপোন কোন ? গুঞ্জন ভৰদ্বাজ নে অন্য কোনোবা ।
 বায়েক বৈভৱীয়ে প্ৰতি পল অপেক্ষা কৰে - সপোন আহিব ! সপোন আহিব । আনফালে প্ৰশাসনিক বিষয়াৰ চাকৰিৰ কেলেংকাৰী ফাদিল কৰি সপোনৰ প্ৰেয়সী ইতি আৰু বন্ধু অনল চহৰমুখী হয় । গাঁৱলীয়া গাভৰু ইতিৰ লক্ষ্য ক্ষমতাৰ গাদীত বহাৰ , বহুতো মেৰপাক নেওচি  আগবাঢ়ে ইতিৰ সেই বিশেষ নীতি । আৰু এই নীতিয়েই হল , এই নীতিৰ নামেই হল মিছন অসমীয়া ।
সময়ৰ সোঁতত হেৰাই যোৱা সপোনেই সন্ত্ৰাসবাদী হৈ সিঁচি দিছিল নেকি গোষ্ঠীসংঘৰ্ষৰ বীজ নে এয়া কোনো ৰাজনৈতিক নেতাৰ  ষড়যন্ত্ৰ ।
অহিৰ ভৈৰৱৰ সংগীতে নাটকখনক অনন্য  মাত্ৰা প্ৰদান কৰিছে।   নাটখন ৰচনা কৰিছে নাট্যকাৰ/ সাংবাদিক হিল্লোল কুমাৰ পাঠকে আৰু পৰিচালনা প্ৰাণজিত দাসৰ ।
অভিনয়ৰ তালিকাৰ আছে - প্ৰাণজিত দাস ,  গুঞ্জন ভৰদ্বাজ , মুহি বৰা , ধৰ্মেশ্বৰ তালুকদাৰ , বিকি কাশ্যপ , নিলোৎপল বৰা , দীপাংকৰ মালাকৰ ,  সুনয়ন শৰ্মা , ইতি ফুকন , প্ৰিয়ংকা বৰুৱা , কল্পনা শৰ্মা । নাটকখনৰ লগত সংলগ্ন জুৱিন গাৰ্গৰ ৰৈ যা ৰৈ যা সময় তোৰ বুকুত , নীল আকাশৰ মিছন অসমীয়া আৰু  তৰালী শৰ্মাৰ বৰশী বাই গীতটোৰ অবিহনে মিছন অসমীয়া অসম্পূৰ্ণ !

Popular Posts