মানিমুনি শাক সকলোৱে চিনি পায়। ই চেচুক ঠাইত হয়। ই এবিধ প্ৰসিদ্ধ ঔষধি শাক। এইবিধ শাকক মানুহে মাজে মাজে আঞ্জা হিচাপেও ব্যৱহাৰ কৰে। মানিমুনি শাক দুবিধ আছে। এবিধ সৰু মানিমুনি আৰু আনবিধক ডাঙৰ মানিমুনি। ঔষধ হিচাবে সৰু মানিমুনি বিধ অধিক ব্যৱহাৰ হয় আৰু ইয়াৰ গুণাগুণো ডাঙৰ মানিমুনি বিধতকৈ বেছি।
সাধাৰণতে মানিমুনি শাকৰ পাতহে ব্যৱহাৰ কৰা হয়। মানিমুনি শাক গছৰ সকলো অংশই দৰৱ হিচাবে ব্যৱহাৰ কৰিব পাৰি। দৰৱত লগালে পাতবোৰ শুকুৱাই লোৱা হয়। ৰ’দত নুশুকোৱাকৈ পাতবোৰ শুকাব পাৰিলে অধিক গুণ পোৱা যায়।
পৰিমাণ
পাতৰ ৰস বা শিপাৰ ৰস ব্যৱহাৰ কৰিলে এক তোলাৰ পৰা দুই তোলালৈকে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ চূৰ্ণ কৰি ব্যৱহাৰ কৰিলে দুই অনা ওজনৰ পৰা আধা তোলালৈকে ব্যৱহাৰ কৰিব পাৰি।
গুণাগুণ আৰু কাৰিকৰী জ্ঞান
নক’লেও হ’ব যে মানিমুনি শাক যে এবিধ গুণশালী ঔষধি শাক তাক সকলোৱে জানে। ই শৰীৰৰ পৰিবৰ্ধক, বলকাৰক আৰু স্বেদজনক। বায়ু আৰু ৰক্তৰ হিতকাৰক। ইয়াৰ ৰসত অধিক পৰিমাণৰ মিঠা ৰস থাকে বাবে পৰিপাকতো মিঠা হয়। মানিমুনি শীতল, লঘু, সাৰক, কাহনাশক, মেঘাবৰ্ধক, আয়ুস বৃদ্ধিকাৰক, ৰসায়ন, সৰ পৰিষ্কাৰক, পাশু, মেহ, ৰক্তপিত্ত, কুষ্ঠ আৰু বিষ দোষ নায়ক। ই স্মৃতিশক্তি বৰ্ধক। উদৰাময় আৰু অন্যান্য অন্তৰ পীড়াত ই বিশেষ উপকাৰী। মানিমুনি শাকৰ পাতৰ ৰস আমৰসৰ পৰিপাক কাৰক। আমাশয়, পেট কামোৰণি, তেজ হাগনি তাৰ লগত জ্বৰ আদি থাকিলে মানিমুনি শাকৰ পাতৰ ৰস আগত কোৱা মাত্ৰাই ২/৩ বাৰকৈ ব্যৱহাৰ কৰিলে সুন্দৰ ফল পোৱা যায়। পেটৰ কামোৰণিত মানিমুনি শাকৰ পাত থেতেলিয়াই তলপেটত প্ৰলেপ ল’লে পেটৰ কামোৰণি গুচে। সৰু ল’ৰা-ছোৱালীৰ পেটৰ কামোৰ, জ্বৰ, তেজ হাগনি আদিত মানিমুনি পাতৰ ৰস অতি উপকাৰী। যি কোনো বেমাৰৰ পিছত মানিমুনিৰ জোল বৰ উপকাৰী।
Post a Comment