সাধাৰণ জ্ঞান
১) প্ৰশ্ন : ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস কোন তাৰিখে পালন কৰা হয়?
উত্তৰ : ২৪ ডিচেম্বৰ।
২) প্ৰশ্ন : কোনটো সংস্থা শৰণাৰ্থীৰ (ৰিফিউজী) সৈতে জড়িত?
উত্তৰ : UNHCR ।
৩) প্ৰশ্ন : CAT ৰ সম্পূৰ্ণ ৰুপ কি?
উত্তৰ : Computerised Arial Tomography আৰু Central Administrative Tribunal।
৪) প্ৰশ্ন : অৰ্থনীতিৰ পিতৃ আখ্যা কাক দিয়া হয়?
উত্তৰ : আডাম স্মিথ।
৫) প্ৰশ্ন : UNESCO ৰ মুখ্য কাৰ্যালয় ক’ত?
উত্তৰ : পেৰিছ।
৬) প্ৰশ্ন : UN দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ : ২৪ অক্টোবৰ।
৭) প্ৰশ্ন : ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ : বাঙ্গালোৰত।
৮) প্ৰশ্ন : ভাৰতৰ অসামৰিক বিমান চালকৰ জনক কোন?
উত্তৰ : জে. আৰ. ডি. টাটা।
৯) প্ৰশ্ন : এক সামুদ্ৰিক মাইলত কিমান কিল’মিটাৰ?
উত্তৰ : ১.৬ কিঃ মিঃ।
১০) প্ৰশ্ন : নাছা (NASA) ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰ : ৰাষ্ট্ৰীয় বৈমানিক আৰু মহাকাশ প্ৰাধিকৰণ (National Aeronautics and Space Administration)।
১১) প্ৰশ্ন : ‘ভাৰতৰত্ন’ লাভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন?
উত্তৰ : চি. ৰাজাগোপালচাৰী।
১২) প্ৰশ্ন : স্বাধীন ভাৰতৰ প্ৰথম গৰাকী মুখ্য ন্যায়াধীশ কোন?
উত্তৰ : এইছ. জে. কেনিয়া।
১৩) প্ৰশ্ন : ‘ৰেড ক্ৰছ’ ছ’চাইটি মূলতঃ কোনটো বিষয়ৰ লগত জড়িত?
উত্তৰ : চিকিৎসা সেৱা।
১৪) প্ৰশ্ন : কোন খন গ্ৰন্থক ‘সাম্যবাদৰ বাইবেল’ আখ্যা দিয়া হয়?
উত্তৰ : ডাছ কেপিটেল।
১৫) প্ৰশ্ন : ‘ইণ্ডিয়া 2020 : ভিজন ফ’ৰ দ্য নিউ মিলেনিয়াম’ শীৰ্ষক গ্ৰন্থ খনৰ ৰচক কোন?
উত্তৰ : ড° এ. পি. জে. আব্দুল কালাম।
১৬) প্ৰশ্ন : বগা কয়লা কি?
উত্তৰ : জল – বিদ্যুৎ।
১৭) প্ৰশ্ন : যদি এজন খেলুৱৈয়ে শূণ্য (Cannon) স্ক’ৰ কৰে, তেন্তে তেওঁ কি খেল খেলা বুলিব পাৰি?
উত্তৰ : বিলিয়াৰ্ডছ।
১৮) প্ৰশ্ন : ডঃ এম এছ স্বামীনাথনে কোনটো ক্ষেত্ৰত বিশেষ সুনাম অৰ্জন কৰিছে?
উত্তৰ : কৃষি।
১৯) প্ৰশ্ন : কি কি ক্ষেত্ৰত অশোক চক্ৰ প্ৰদান কৰা হয়?
উত্তৰ : শত্ৰুৰ অনুপস্থিতিত ভূমি, আকাশমাৰ্গ অথবা সমুদ্ৰত দেখুওৱা দৃষ্টি আকৰ্ষণকাৰী সাহসিকতা অথবা আত্মবলিদান।
২০) প্ৰশ্ন : কোনখন ৰাজ্য পূৰ্ণ পৰ্য্যায়ৰ ৰাজ্য হোৱাৰ পূৰ্বে এখন সহযোগী ৰাজ্য আছিল?
উত্তৰ : ছিকিম।
২১) প্ৰশ্ন : ভাৰতৰ কোন বিধ পক্ষীক পৃথিৱীৰ সংৰক্ষিত পক্ষীৰ তালিকাত অন্তৰ্ভূক্ত কৰিছে?
উত্তৰ : শগুণ।
২২) প্ৰশ্ন : কোন খন দেশে প্ৰথমে উপগ্ৰহ উৎক্ষেপণ কৰিছিল?
উত্তৰ : ৰাছিয়া।
২৩) প্ৰশ্ন : ‘অস্কাৰ’ বঁটা কিহৰ লগত জড়িত?
উত্তৰ : চলচ্চিত্ৰ।
২৪) প্ৰশ্ন : কোনটো সামৰিক মিত্ৰগোষ্ঠী?
উত্তৰ : NATO।
২৫) প্ৰশ্ন : কোনে চণ্ডীগৰ আৰ্হি প্ৰস্তুত কৰিছিল?
উত্তৰ : লী ক’ৰবুচিয়াৰ।
Post a Comment