Header Ads

General Knowledge

১) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ বেছিভাগ জনজাতিয়ে কি ধৰ্মৰ মত গ্ৰহণ কৰে পালন কৰে?
উত্তৰ : ডনি পল’ইজিম।
২) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ নক্টে জনজাতিয়ে অনুসৰণ কৰা ধৰ্মটো কোনটো?
উত্তৰ : বৈষ্ণৱ ধৰ্ম।
৩) প্ৰশ্ন : অসমৰ প্ৰথম ধৰ্ম সংস্কাৰক কোন আছিল?
উত্তৰ : শ্ৰীমন্ত শংকৰদেৱ।
৪) প্ৰশ্ন : অসমৰ একমাত্ৰ স্থান য’ত তিনিটা ধৰ্ম, যেনে : হিন্দু, বৌদ্ধ আৰু ইছলাম ধৰ্মৰ সহ অৱস্থান পৰিলক্ষিত হয়। এই ঠাইখন কোন খন ঠাই?
উত্তৰ : হাজো।
৫) প্ৰশ্ন : অসমৰ শিৱসাগৰৰ শিৱসাগৰ পুখুৰী পাৰত অৱস্থিত ভাৰতৰ উত্তৰ পূব প্ৰান্তৰ সবাতোকৈ ওখ শিৱ মন্দিৰ হিচাপে বিশ্বাস কৰা মন্দিৰটো কি?
উত্তৰ : শিৱসাগৰৰ শিৱ দ’ল।
৬) প্ৰশ্ন : মণিপুৰৰ মেইতী সকলে প্ৰায় কিমান গৰাকী দেৱী-দেৱতা পূজা কৰে?
উত্তৰ : ৩৬৪।
৭) প্ৰশ্ন : মণিপুৰৰ বিষেণপুৰ নগৰত অৱস্থিত প্ৰাচীনতম মন্দিৰটো কি?
উত্তৰ : বিষ্ণু মন্দিৰ।
৮) প্ৰশ্ন : মেঘালয়ত অৱস্থিত সমগ্ৰ উত্তৰ-পূব ভাৰতৰ প্ৰথম আৰু প্ৰাচীনতম গীৰ্জটোৰ নাম কি?
উত্তৰ : নংচাওলিয়া প্ৰেচবাইৰেৰিয়ান।
৯) প্ৰশ্ন : মেঘালয়ত অৱস্থিত মা দুৰ্গাৰ ৫০০ বছৰ পুৰণি মন্দিৰটো কি?
উত্তৰ : নাৰটিয়াং।
১০) প্ৰশ্ন : মিজোৰামত বাস কৰা চাকমা জনজাতিৰ লোকসকল কোন ধৰ্মাৱলম্বীৰ?
উত্তৰ : বৌদ্ধ।
১১) প্ৰশ্ন : নাগালেণ্ডৰ আৰাদুৱা পাহাৰত অৱস্থিত সমগ্ৰ উত্তৰ-পূব ভাৰতৰ বৃহত্তম গীৰ্জাটো কোনটো?
উত্তৰ : কেথ’লিক গীৰ্জা।
১২) প্ৰশ্ন : ছিকিমৰ মুখ্য ধৰ্ম কি?
উত্তৰ : বৌদ্ধ ধৰ্ম।
১৩) প্ৰশ্ন : ছিকিমৰ বৃহত্তম মঠ কি?
উত্তৰ : ৰুমটেক্‌ মঠ।
১৪) প্ৰশ্ন : কোন চনত অৰুণাচল প্ৰদেশৰ টাৱাং মঠ নিৰ্মাণ কৰা হয়?
উত্তৰ : ১৬৮১ চনত।
১৫) প্ৰশ্ন : বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী গোপালদেৱৰ পৃষ্ঠাপোষকতাত কেইখন সত্ৰ প্ৰতিষ্ঠা হৈছিল?
উত্তৰ : ১২ খন।
১৬) প্ৰশ্ন : অসমৰ বিখ্যাত “উমানন্দ মন্দিৰ” কোন চনত স্থাপিত হয়?
উত্তৰ : ১৬৯৪ চনত।
১৭) প্ৰশ্ন : ইম্ফলত অৱস্থিত শ্ৰী হনুমান ঠাকুৰ মন্দিৰ কেতিয়া নিৰ্মাণ হৈছিল?
উত্তৰ : ১৭২৫ চনত।
১৮) প্ৰশ্ন : মণিপুৰৰ বিষেণপুৰত অৱস্থিত বিষ্ণু মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ : ৰজা ক্যাম্বা।
১৯) প্ৰশ্ন : কোন চনত “আৱাৰ লেডী অৱ গুড হেল্‌থ” তীৰ্থ মেঘালয়ত স্থাপন কৰা হয়?
উত্তৰ : ১৯৮৯ চনত।
২০) প্ৰশ্ন : ছিকিমৰ প্ৰাচীনতম মঠ কি?
উত্তৰ : চাংগা চেলিং।
২১) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ বেছি ভাগ লোকে কি ধৰ্ম অনুসৰণ কৰে?
উত্তৰ : বৌদ্ধ ধৰ্ম।
২২) প্ৰশ্ন : শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোক সাধাৰণতে কি বুলি জনা যায়?
উত্তৰ : এক শৰণীয়া নাম ধৰ্ম।
২৩) প্ৰশ্ন : প্ৰসিদ্ধ মুছলমান সন্তজনৰ নাম কি যিয়ে অসমত সামাজিক-ধাৰ্মিক আন্দোলনৰ নেতৃত্ব প্ৰদান কৰিছিল?
উত্তৰ : ছাহ আউলিয়া ওৰফে আজান ফকীৰ।
২৪) প্ৰশ্ন : মণিপুৰৰ কোনখন জিলাক সেই ৰাজ্যৰ খ্ৰীষ্টান ধৰ্মৰ জন্মস্থান হিচাপে জনা যায়?
উত্তৰ : উখৰুল।
২৫) প্ৰশ্ন : মণিপুৰী সকলে পূজা কৰা ভগৱানৰ তিনিটা অৱতাৰৰ নাম কি কি?
উত্তৰ : এতিয়া চিডাবা, অপনবা আৰু আচিবা ক্ৰমান্বয়ে সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু ধ্বংসকৰ্তা।
২৬) প্ৰশ্ন : মণিপুৰলৈ খ্ৰীষ্টান ধৰ্ম অনা বেপ্টিষ্ট মিছানাৰী জনৰ নাম কি?
উত্তৰ : ৰেভাৰেণ্ড. আৰ. ডব্লিউ. পেটিগ্ৰিউ।
২৭) প্ৰশ্ন : মেঘালয়ৰ ক’ত ‘আৱাৰ লেডী অৱ গুড হেল্‌থ’ৰ তীৰ্থ অৱস্থিত?
উত্তৰ : ৰালিয়াং গাঁও।
২৮) প্ৰশ্ন : গাৰো পাহাৰত প্ৰচলিত পৰম্পৰাগত ধৰ্মক কি বুলি কোৱা হয়?
উত্তৰ : চংচেৰেক।
২৯) প্ৰশ্ন : ত্ৰিপুৰাৰ কোনটো মন্দিৰক উত্তৰ-পূব ভাৰতৰ অন্যতম পবিত্ৰতমহিন্দু মন্দিৰ হিচাপে বিশ্বাস কৰা হয়?
উত্তৰ : ত্ৰিপুৰা সুন্দৰী মন্দিৰ।
৩০) প্ৰশ্ন : ত্ৰিপুৰাৰ কোনজন জনজাতীয় উপাস্য দেৱতাৰ লগত ভগৱান শিৱৰ মিল দেখা যায়?
উত্তৰ : মাতাই-কাতাৰ।

Popular Posts